Skip to content

শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীৰ মনোযোগ বৃদ্ধি কৰাৰ ১০ টা কৌশল

শিক্ষাক্ষেত্ৰত মনোযোগ আৰু আগ্ৰহ বিকাশৰ অৰ্থে শিক্ষকসকলে ধ্যান দিবলগীয়া দিশসমূহ

শিক্ষণ- শিকন প্ৰক্ৰিয়াটোৰ সফলতা শিক্ষক আৰু শিক্ষাৰ্থী দুয়ো পক্ষৰে পাৰস্পৰিক সহযোগিতাত সম্ভৱ হৈ উঠে। এটা সময় আছিল যেতিয়া শ্ৰেণীকোঠাত কেৱল শিক্ষকৰেই প্ৰাধান্য আছিল। শিক্ষকে সকলো বিষয়বস্তু বাখ্যা কৰি যায় আৰু শিক্ষাৰ্থীসকলে কেৱল শ্ৰোতা হিচাপে বহি থাকে।

কিন্তু আধুনিক শিক্ষা পদ্ধতিত শিক্ষাৰ্থীৰ স্ব-শিক্ষাৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে। শিক্ষকৰ ঘাই দায়িত্ব হৈছে মনোযোগ আৰু আগ্ৰহৰ বিকাশ ঘটাই শিক্ষাৰ্থীসকলক স্ব-শিক্ষাৰ প্ৰতি অভিৰোচিত কৰা।                   

কোনো এজন শিক্ষক ব্যক্তিগতভাৱে উচ্চজ্ঞান সম্পন্ন, বিশাৰদ হ’লেই নহ’ব তেওঁৰ শিকোৱাৰ প্ৰতি আগ্ৰহো থাকিব লাগিব। ছাত্ৰ-ছাত্ৰীয়ে আগ্ৰহেৰে শিকিবলৈ বিচৰা আৰু শিক্ষকে উপযুক্ত পৰিৱেশ ৰচনা কৰি ছাত্ৰ-ছাত্ৰীক শিকাৰ প্ৰতি আগ্ৰহী কৰি তোলাটোৱেই হৈছে প্ৰকৃত শিকন-শিক্ষণ প্ৰক্ৰিয়া।

আগ্ৰহেই হ’ল ছাত্ৰ-ছাত্ৰীৰ শিকাৰ প্ৰধান কাৰক। সেয়ে শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীৰ মনোযোগ আৰু আগ্ৰহ বৃদ্ধি কৰাত এজন শিক্ষকে বিভিন্ন বিষয়ত ধ্যান দিয়াৰ লগতে  বিভিন্ন কৌশলৰ সহায় লব লাগিব।

তলত ইয়াৰ ১০ টা কৌশল আলোচনা কৰা হ’ল-

  1. মনোযোগৰ বস্তুনিষ্ঠ আৰু ব্যক্তিনিষ্ঠ কাৰণসমূহৰ ওপৰত গুৰুত্ব প্ৰদান
  2. ব্যৱহাৰিক শিক্ষণৰ ওপৰত গুৰুত্ব প্ৰদান
  3. পুৰস্কাৰ আৰু শাস্তিবিধান
  4. সীমিত সময়ত পাঠদান
  5. শ্ৰেণীকোঠাত হাস্যৰসৰ প্ৰয়োগ
  6. প্ৰতিযোগিতা
  7. শ্ৰৱণ-দৰ্শন সঁজুলিৰ ব্যৱহাৰ
  8. শিক্ষাদানৰ মূলমন্ত্ৰসমূহৰ প্ৰয়োগ
  9. কৰ্মৰ মাজেৰে শিক্ষা
  10. পুনৰাবৃত্তি

মনোযোগৰ বস্তুনিষ্ঠ আৰু ব্যক্তিনিষ্ঠ কাৰণসমূহৰ ওপৰত গুৰুত্ব প্ৰদান

মনোযোগৰ বিভিন্ন ধৰণৰ বস্তুনিষ্ঠ আৰু ব্যক্তিনিষ্ঠ কাৰণ আছে। তাৰেই বস্তুনিষ্ঠ কাৰণবোৰ হৈছে- আকাৰ, উজ্জ্বলতা, নতুনত্ব, গতিশীলতা আদি। শ্ৰেণীকোঠাত বিশেষকৈ কণ কণ শিশুক শিকাওঁতে তেওঁলোকৰ মনোযোগ আকৰ্ষণৰ বাবে এই বস্তুনিষ্ঠ বা বাহ্যিক কাৰণসমূহৰ প্ৰতি সচেতন হোৱা প্ৰয়োজন। উদাহৰণস্বৰূপে নিম্ন শ্ৰেণীত শিক্ষাদান কৰোতে শিক্ষকে ল’ৰা-ছোৱালীৰ মনোযোগ-আগ্ৰহৰ বৰ্দ্ধনৰ  বাবে ৰঙীন উজ্জ্বল ছবি, শিক্ষণ সঁজুলি আদিৰ ব্যৱহাৰ কৰা উচিত।  

    আনহাতে, ব্যক্তিনিষ্ঠ বা আভ্যন্তৰীণ কাৰণৰ ভিতৰত ব্যক্তিৰ আৱেগ, অনুভূতি, আগ্ৰহ আদিয়েই প্ৰধান। ওপৰৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ পাঠদানৰ ক্ষেত্ৰত শিক্ষকে তেওঁলোকৰ মনোযোগ আকৰ্ষণৰ বাবে এই কাৰণসমূহ মনত ৰখা উচিত।

ব্যৱহাৰিক শিক্ষণৰ ওপৰত গুৰুত্ব প্ৰদান

শিক্ষকে তাত্বিক শিক্ষণতকৈ ব্যৱহাৰিক শিক্ষণৰ ওপৰত অধিক গুৰুত্ব দিব লাগে। বিশেষকৈ ছাত্ৰ-ছাত্ৰীক নিজ হাতে-কামে কৰি শিকিবলৈ সুবিধা দিলে মনোযোগ বৰ্দ্ধনত লাভৱান হোৱা যায়। গতিকে মনোযোগ বৃদ্ধিৰ ক্ষেত্ৰত বৱহাৰিক শিক্ষণ পদ্ধতি বিশেষভাৱে সহায়কাৰী।

পুৰস্কাৰ আৰু শাস্তিবিধান

শিক্ষাৰ্থীক শিক্ষণৰ প্ৰতি মনোযোগী কৰিবলৈ শিক্ষকে দুই ধৰণৰ ব্যৱস্থা লব পাৰে। সেইয়া হৈছে পুৰস্কাৰ আৰু শাস্তি। পুৰস্কাৰ প্ৰদানৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ সজ প্ৰচেষ্টাত উৎসাহ যোগোৱা হয় আৰু শাস্তিৰ দ্বাৰা অসৎ ক্ৰিয়া-আচৰণ বন্ধ কৰা হয়। সেয়েহে এই দুয়োটাৰ মূল উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰীৰ মনোযোগ বৃদ্ধি কৰি ক্ৰিয়া-আচৰণ সংশোধিত কৰা।

সীমিত সময়ত পাঠদান

শিক্ষাদান আৰু শিক্ষাগ্ৰহণৰ সময়সীমাৰ ওপৰতো ছাত্ৰ-ছাত্ৰীৰ মনোযোগ নিৰ্ভৰ কৰে। যদি বিৰতিবিহীনভাৱে বহুসময় ধৰি শিক্ষা গ্ৰহণ কৰিব লগা হয়, তেতিয়া ছাত্ৰ-ছাত্ৰীসকল মানসিকভাৱে ভাগৰি যায়। ফলস্বৰূপে মনোযোগ অথৱা আগ্ৰহ প্ৰদান কৰিবলৈ অক্ষম হৈ পৰে। গতিকে শিক্ষকে সঠিক সময়সীমাৰ ভিতৰত পাঠদান কৰিব লাগে।

শ্ৰেণীকোঠাত হাস্যৰসৰ প্ৰয়োগ

হাঁহিক সৰ্বোত্তম ঔষধ বুলি কোৱা হয়। শ্ৰেণীকোঠাত শিক্ষকে হাস্যৰস প্ৰয়োগৰ সহায় ল’ব পাৰে। যিকোনো বিষয় পাঠদান কৰোতে হাস্যৰস থকা উদাহৰণ ব্যৱহাৰ কৰিব পাৰিলে ছাত্ৰ-ছাত্ৰীয়ে আমোদ পোৱাৰ লগতে মনোযোগ স্বতঃস্ফূৰ্তভাৱে প্ৰদান কৰিব।

প্ৰতিযোগিতা

প্ৰতিযোগিতা হ’ল শিক্ষাৰ্থীৰ বিষয়বস্তুৰ প্ৰতি মনোযোগ সৃষ্টি কৰাৰ আন এটা উপায়। প্ৰতিযোগিতাই আত্মসন্তুষ্টিৰ জৰিয়তে যিকোনো কামত আগবাঢ়ি যোৱাত সহায় কৰে।

প্ৰতিযোগিতা হৈছে আনক পৰাভূত কৰাৰ এক মানসিকতা, যি যিকোনো কাম বা অধ্যয়নৰ প্ৰতি শিক্ষাৰ্থীৰ মনত আগহৰ সৃষ্টি কৰি শিক্ষণ দ্ৰুততৰ আৰু ফলপ্ৰসু কৰি তোলে।

শ্ৰৱণ-দৰ্শন সঁজুলিৰ ব্যৱহাৰ

ছাত্ৰ-ছাত্ৰীৰ মনোযোগ বৃদ্ধিৰ বাবে শিক্ষকে বিভিন্ন ধৰণৰ শ্ৰৱণ-দৰ্শন সঁজুলি ব্যৱহাৰ কৰিব লাগে। যেনে- চাৰ্ট, গ্ল’ৱ, মেপ, প্ৰজেক্ট’ৰ আদি। ছাত্ৰ-ছাত্ৰীসকলৰ মনোযোগ আকৰ্ষণৰ বাবে কেৱল মাত্ৰ কিতাপ খনেই যথেষ্ট নহয়।

নতুন নতুন শিক্ষণ সঁজুলিয়ে ছাত্ৰ-ছাত্ৰীক আকৰ্ষিত কৰি শিক্ষণৰ বিষয়বস্তু সহজে মনত ৰখাত সহায় কৰে।

শিক্ষাদানৰ মূলমন্ত্ৰসমূহৰ প্ৰয়োগ

এজন শিক্ষকৰ বিভিন্ন ধৰণৰ শিক্ষণ শৈলীৰ বা কৌশলৰ জ্ঞান থাকিব লাগে। শিক্ষাদানৰ বিভিন্ন মূলমন্ত্ৰ যেনে- জ্ঞাতৰ পৰা অজ্ঞাতলৈ, সৰলৰ পৰা জটিললৈ, নিৰ্দিষ্টৰ পৰা সাধাৰণলৈ, মূৰ্তৰ পৰা বিমূৰ্তলৈ আদি শ্ৰেণীকোঠাত প্ৰয়োগ কৰিলে ছাত্ৰ-ছাত্ৰীয়ে নিশ্চয় মনোযোগ প্ৰদান কৰিব।

শিক্ষাদানৰ এই মূলমন্ত্ৰসমূহে ছাত্ৰ-ছাত্ৰীক পূৰ্বৰ অভিজ্ঞতাৰ লগত সম্পৰ্কিত কৰি শিক্ষণৰ বিষয়বস্তুত মনোযোগ প্ৰদান কৰাত সহায় কৰিব।

কৰ্মৰ মাজেৰে শিক্ষা

শ্ৰেণীকোঠাত শিক্ষকে ছাত্ৰ-ছাত্ৰীক বিভিন্ন কৰ্মৰ মাধ্যমেৰে শিকাৰ সুবিধা দিব লাগে। যেনে-বিভিন্ন সমস্যামূলক অৱস্থাৰ সৃষ্টি কৰা, আত্মপ্ৰকাশৰ বাবে সুবিধা প্ৰদান, দলীয় কাৰ্য-কলাপ আদি। এনেধৰণৰ কাৰ্যসমূহে ছাত্ৰ-ছাত্ৰীক মনোযোগী কৰি তুলি শিক্ষণীয় বিষয়বস্তু সহজে আয়ত্ব কৰাত সহায় কৰে।

পুনৰাবৃত্তি

মনোযোগ বৃদ্ধিৰ ক্ষেত্ৰত শিক্ষণত পুনৰাবৃত্তিয়ে বিশেষ ভূমিকা গ্ৰহণ কৰে। যিকোনো বিষয়বস্তু শিকাৰ সময়ত হয়তো প্ৰথমাৱস্থাত শিক্ষাৰ্থীৰ মনোযোগ নুপজিব পাৰে, কিন্তু শিক্ষকে যদি পুনৰাবৃত্তিৰ সহায় লয়, তেন্তে শিক্ষাৰ্থীৰ সহজেই মনোযোগ আকৰ্ষিত হ’ব।

এইখিনিতে মনকৰিবলগীয়া যে পুনৰাবৃত্তিৰ প্ৰয়োগ অধিক হ’লে সি আমনিদায়ক হৈ মনোযোগ প্ৰদানত বাধাৰহে সৃষ্টি কৰিব। গতিকে শিক্ষকে পুনৰাবৃত্তি প্ৰয়োগত সাৱধানতা অৱলম্বন কৰা প্ৰয়োজন।

ওপৰোক্ত আলোচনাৰ পৰা আমি ক’ব পাৰো যে শিক্ষকে বিভিন্ন উপায় অৱলম্বন কৰি শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীৰ মাজত মনোযোগৰ সৃষ্টি কৰি শিক্ষণ কাৰ্য সফল কৰি তুলিব পাৰে। শিকনত ছাত্ৰ-ছাত্ৰীক আগ্ৰহী কৰি তুলিবলৈ হ’লে শ্ৰেণিকোঠাত এটা পৰিৱেশ সৃষ্টি কৰা প্ৰয়োজন।

এটা পৰিৱেশ যিমানে সুন্দৰ আৰু মনোবিজ্ঞানসন্মত হ’ব সিমানেই শিকাৰুৱে আনন্দৰে, নিৰ্ভয়ে আৰু স্বতঃস্ফূৰ্তভাৱে পাঠ গ্ৰহণ কৰিব পাৰিব।

তদুপৰি পাঠদান ৰসাল আৰু মনোগ্ৰাহী হ’ব লাগিব। পাঠদান ৰসাল- মনোগ্ৰাহী কৰিবলৈ পাঠটিৰ লগত সম্বন্ধ থকা শিক্ষণ-শিকন সামগ্ৰীৰ অতি আৱশ্যক।

10 Ways to create attention among students in the classroom.

Do you want to add another point with me?? Please comment below.

Tags:

1 thought on “শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীৰ মনোযোগ বৃদ্ধি কৰাৰ ১০ টা কৌশল”

Leave a Reply

Your email address will not be published. Required fields are marked *