Skip to content

Application to Rectify Inflated Faulty Electricity Bill | অত্যাধিক আৰু অস্বাভাৱিক বিদ্যুতৰ বিলৰ বিৰুদ্ধে কৰা প্ৰতিবাদী পত্ৰ

অত্যাধিক আৰু অস্বাভাৱিক বিদ্যুতৰ বিলৰ বিৰুদ্ধে কৰা প্ৰতিবাদী পত্ৰ।

প্ৰতি,
মাননীয় মহকুমা বিষয়া, জালুকবাৰী সংমণ্ডল

বিজুলী সৰবৰাহ কেন্দ্ৰ, মালিগাও, গুৱাহাটী।

তাৰিখ…………….……

বিষয়: অত্যাধিক আৰু অস্বাভাৱিক বিদ্যুতৰ বিলৰ বিৰুদ্ধে কৰা প্ৰতিবাদী পত্ৰ।

মাননীয় মহাশয়,

সন্মানপূৰ্বক মোৰ নিবেদন এই যে জালুকবাৰী সংমণ্ডলৰ অন্তৰ্গত গাড়ীগাৱৰ মই এজন বাসিন্দা। মই এজন বিদ্যুৎ সেৱাৰ নিয়মীয়া গ্ৰাহক। মোৰ ঘৰুৱা ব্যৱহাৰৰ বাবে যিটো বিদ্যুৎৰ লাইনৰ সংযোগ আছে তাৰ মিটাৰটোৰ নং হ’ল PY-124.আজি দহ বছৰে মই বিজুলীৰ গ্ৰাহক হিচাবে নিয়মীয়াকৈ বিদ্যুৎৰ বিলৰ মাছুল আদায় দি আহিছোঁ সময়মতে। কিন্তু এইবাৰ মই বিদ্যুৎৰ বিলৰ মাছুল আদায় দিব পৰা নাই। কাৰণ এইবাৰ যোৱা মাহৰ বাবে যি বিল মোক দিয়া হৈছে তাত অস্বাভাৱিক মাছুল ধাৰ্য্য কৰা হৈছে যিটো সম্পূৰ্ণ ক্ৰটিপূৰ্ণ আৰু অস্বাভাৱিক। এতিয়ালৈ মোলৈ যিবোৰ বিল আহে সেইবোৰত গড় হিচাবে প্ৰায় তিনিশ টকা বিদ্যুৎৰ মাছুল পৰিশোধ কৰিব লাগে। কিন্তু এইবোৰৰ বিলত মোক ৫১২০ টকা মাছুল পৰিশোধ কৰিবলৈ কোৱা হৈছে। এইটো একেবাৰে অস্বাভাৱিক কথা, যিহেতু মোৰ কোনো বকেয়া মাছুল পৰি থকা নাই।

গতিকে আপোনাৰ ওচৰত বিনম্ৰ প্ৰাৰ্থনা যেন মোৰ বিদ্যুৎৰ বিলখন পুনৰবাৰ পৰীক্ষা কৰি উচিত মাছুলটো ধাৰ্য্য কৰি পৰিশোধৰ ব্যৱস্থা কৰি দিয়ে। ধন্যবাদ ইতি,

আপোনাৰ বিশ্বাসী

প্ৰদীপ চন্দ্ৰ দাস

গাড়ীগাও, জালুকবাৰী, গুৱাহাটী।

Related: Application to The Director General of Police (DGP) Assam Requesting to Take Measures Against Anti – Social’s

Application to Rectify Inflated Faulty Electricity Bill.

To.

The S.D.O. Jalukbari DivisionElectricity Supply center,Maligaon, Guwahati.

Date_______________

Sub: Application to Rectify Inflated Faulty Electricity Bill.

Respected Sir,

With due respect I would like to state that I am a resident of Garigaon under Jalukbari subdivision. I am a customer of state electricity department. I possess a domestic connection of electricity and my meter no. is PY-124.I have been making regular payment of monthly electricity bills since last ten years without fail. But I have not been able to make payment of electricity bill this month. Because the bill sent to me requires the payment of a huge sum of money which it seems quite impossible, inflated and faulty. Till now I have been paying Rs. 300/- in average every month. But in this month I have been asked to pay a huge amount of Rs 5120/-. This is totally wrong as there is no arrear amount lying against me.

Therefore, Sir, I pray to you to recheck the bill again and rectify it so that I may make payment of the actual amount without delay. Thanks,

Yours faithfully,

Pradeep Chandra Das

Garigaon, Jalukbari, Guwahati.

Leave a Reply

Your email address will not be published. Required fields are marked *