Skip to content

Control and coordination class 10 Notes

Control and coordination class 10 Notes in assamese.

Control and coordination class 10 Notes in assamese. Control and coordination class 10 most important question.

1. দুটা নিকটৱৰ্তী কোষৰ ডেনড্ৰাইটৰ মাজৰ সংযোগী পথক কি বোলে ?

উত্তৰ :- দুটা নিকটৱৰ্তী কোষৰ ডেনড্ৰাইটৰ মাজৰ সংযোগী পথক ছাইনেপছ বোলে ।

2. প্ৰতীপ ক্ৰিয়া কি ? প্ৰতীপ ক্ৰিয়া কোনে নিয়ন্ত্ৰণ কৰে ?

উত্তৰ:- প্ৰতীপ ক্ৰিয়া হ’ল কোনো উদ্দীপনাৰ প্ৰতি আকস্মিক ভাৱে হোৱা অনৈচ্ছিক সহাঁৰি। প্ৰতীপ ক্ৰিয়া স্নায়ুৰজ্জুৱে নিয়ন্ত্ৰণ কৰে।

3. ক্ৰেনিয়েল স্নায়ু কিহৰপৰা উৎপওি হয়?

উত্তৰ :- ক্ৰেনিয়েল স্নায়ু মস্তিষ্কৰ পৰা উৎপত্তি হয়।

4. ৰজ্জুস্নায়ু ক’ৰ পৰা উৎপত্তি হয় ?

উত্তৰ :- ৰজ্জুস্নায়ু স্নায়ুৰজ্জুৰ পৰা উৎপত্তি হয় ।

5. শৰীৰৰ ভংগীমা আৰু সমতা ৰক্ষা কৰা কাৰ্য মগজুৰ কোনটো অংশই নিয়ন্ত্ৰণ কৰে ?

উত্তৰ :- শৰীৰৰ ভংগীমা আৰু সমতা ৰক্ষা কৰা কাৰ্য মগজুৰ চেৰিবেলাম অংশই নিয়ন্ত্ৰণ কৰে।

6. স্নায়ুকলা কিহৰ দ্বাৰা গঠিত ?

উত্তৰ :- স্নায়ুকলা স্নায়ুকোষ বা নিউৰন ৰ দ্বাৰা গঠিত।

7. কোনবিধ স্নায়ুৱে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ পৰা মাংসপেশীৰ কোষলৈ স্নায়ুপ্ৰেৰনা প্ৰেৰন কৰে?

উত্তৰ :- আজ্ঞাবাহী স্নায়ুৱে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ পৰা মাংসপেশীৰ কোষলৈ স্নায়ুপ্ৰেৰনা প্ৰেৰন কৰে ।

8. ছাইনেপছ্ কি ? স্নায়ুপ্ৰবাহ ছাইনেপছৰ মাজেদি কেনেকৈ পাৰ হয়?

উত্তৰ :- ছাইনেপছ্ হ’ল দুটা নিকটৱৰ্তী স্নায়ুকোষৰ এক্সন আৰু ডেনড্ৰাইটৰ মাজৰ সংযোগী পথ ।

স্নায়ুকোষত সৃষ্টি হোৱা বৈদ্যুতিক প্ৰেৰণাৰ পৰা এক্সনৰ শেষ প্ৰান্তত ৰাসায়নিক পদাৰ্থ মুক্ত হয়। স্নায়ুপ্ৰবাহ (ৰাসায়নিক পদাৰ্থ হিচাপে) ছাইনেপছৰ মাজেদি পৰবৰ্তী স্নায়ুকোষলৈ প্ৰেৰিত হয়।

9.প্ৰান্তীয় স্নায়ুতন্ত্ৰৰ মুখ্য কাৰ্য কি ?

উত্তৰঃ- প্ৰান্তীয় স্নায়ুতন্ত্ৰৰ মুখ্য কাৰ্য হ’ল কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আৰু দেহৰ বিভিন্ন অংশৰ লগত সংযোগ স্থাপন কৰা।

বা

কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ পৰা দেহৰ বিভিন্ন প্ৰান্তীয় অংগসমূহলৈ বাৰ্তা কঢ়িয়াই নিয়া আৰু প্ৰান্তীয় অংগসমূহৰ পৰা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ সংজ্ঞা কঢ়িয়াই অনা।

10. স্নায়ুকোষৰ এটি নিকা চিহ্নিত চিত্ৰ অংকন কৰা।

উত্তৰ:

photo 2022 03 10 22 16 06

1 thought on “Control and coordination class 10 Notes”

Leave a Reply

Your email address will not be published. Required fields are marked *