Skip to content

Government high paying Job for CTET qualified

There are lots of high paying job for CTET qualified in India. This post will help you to find out some high paying job in India in Education sector.

সকলো বন্ধ দুৱাৰে অন্য এখন দুৱাৰৰ সন্ধান দিয়ে

যদিও অসমত CTET ক ৰাজ্যিক ভিত্তিত শিক্ষক নিযুক্তিৰ অৰ্হতা হিচাপে গণ্য কৰা নহয় কিন্তু বহু কেইটা কেন্দ্ৰীয় আৰু কিছুমান ৰাজ্যৰ শিক্ষক বাচনি সংস্থাৰ বাবে CTET হ’ল প্ৰাথমিক অৰ্হতা। যেনে :

  1. KVS
  2. NVS
  3. DSSSB
Screenshot 20220313 203007

1. KVS ( Kendriya Vidyalaya Sangathan)

KVS মানে হ’ল Kendriya Vidyalaya Sangathan (কেন্দ্ৰীয় বিদ্যালয় সংগঠন) । ভাৰতবৰ্ষত লগতে অন্য দেশত থকা কেন্দ্ৰীয় বিদ্যালয় সমূহৰ পৰিচালনা এই সংগঠনটোৱে কৰে। KVS ৰ দ্বাৰা কেন্দ্ৰীয় বিদ্যালয় সমূহত 3 প্ৰকাৰৰ শিক্ষক পদৰ বাবে বাচনি প্ৰক্ৰিয়া অনুষ্ঠিত হয়।

  • PRT (Primary Teacher for Class 1 to 5)
  • TGT (Trained Graduate Teacher for class 6-10 or 6-8
  • PGT (Postgraduate Teacher for class 9 to 12)

PRT ৰ বাবে নূন্যতম অৰ্হতা হ’ল CTET PAPER 1 passed with D.el.ed আৰু HS উত্তীৰ্ণ।

TGT ৰ বাবে নূন্যতম অৰ্হতা হ’ল CTET Paper 2 Passed with B.Ed. আৰু Graduate ( অতি কমেও ৫০ % নম্বৰ সহ)

PGT ৰ বাবে নূন্যতম অৰ্হতা হ’ল : Postgraduate আৰু B.Ed. এইটো পদৰ বাবে CTET ৰ প্ৰয়োজন এতিয়ালৈকে হোৱা নাই।

KVS ৰ শিক্ষক নিযুক্তি সমূহ দুই ধৰণৰ হয়

  • ঠিকাভিত্তিক শিক্ষক (Contractual) : স্কুল সমূহৰ পৰা আবেদন গ্ৰহণ কৰি
  • নিয়মীয়া শিক্ষক (Regular)

ঠিকাভিত্তিক আৰু নিয়মীয়া দুয়ো প্ৰকাৰৰ পদৰে প্ৰয়োজনীয় অৰ্হতা একে হয়।

👉 ঠিকাভিত্তিক পদ সমূহ বিদ্যালয় সমূহে নিজাববীয়াকৈ বিজ্ঞাপন দি বাচনি কৰে।

ঠিকাভিত্তিক পদৰ দৰমহা সমূহ তলত উল্লেখ কৰা ধৰণৰ :

  • PRT: 26500/মাহ
  • TGT: 32000/মাহ
  • PGT: 35000/মাহ

নিয়মীয়া পদৰ দৰমহা

  • PRT প্ৰায় 50000 প্ৰতি মাহৰ পৰা আৰম্ভ
  • TGT প্ৰায় 62000 প্ৰতি মাহৰ পৰা আৰম্ভ
  • PGT প্ৰায় 75000 প্ৰতি মাহৰ পৰা আৰম্ভ

নিয়মীয়া পদৰ বিজ্ঞাপন সমূহ প্ৰায় প্ৰতি 2 বছৰৰ অন্তৰে অন্তৰে মুকলি হয়। 2022 ৰ মাজভাগত বা শেষৰ ফালে নতুন বিজ্ঞাপন অহাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। গতিকে CTET উত্তীৰ্ণ হোৱা সকলে সাজু হ’বৰ সময় আহি পৰিছে।

Official website of KVS: https://kvsangathan.nic.in/

2018 advertisement: https://drive.google.com/file/d/1y6GXzLs-SH-Au8xYM7oka19I0TllRSe0/view?usp=sharing

KVS PRT, TGT and PGT 2018 advertisement new syllabus: https://drive.google.com/file/d/1GIZwI2GgBx-wk_civ39s019uKGenPyzq/view?usp=sharing

Screenshot 20220313 202652

2 NVS

অাপোনালোকে নিশ্চয় জৱাহৰ নৱোদয় বিদ্যালয়ৰ নাম শুনিছে। নৱোদয় বিদ্যালয় সমূহক পৰিচালনা কৰা সংগঠনটোৱে হ’ল NVS ( Navodaya Vidyalaya Samiti) । ভাৰতৰ প্ৰায় প্ৰতিখন জিলাতে একোখনকৈ আৱাসিক নৱোদয় বিদ্যালয় আছে।

নৱোদয় বিদ্যালয় সমূহত প্ৰধানতঃ দুই প্ৰকাৰৰ শিক্ষক পদ থাকে

  • TGT
  • PGT

NVS ত TGT ৰ ক্ষেত্ৰত CTET PAPER 2 উত্তীৰ্ণ হোৱা প্ৰাৰ্থীৰ আৱশ্যক। যদি আপুনি CTET PAPER 2 pass কৰিছে তেন্তে আপুনিও NVS ৰ TGT ৰ প্ৰ-পত্ৰ পূৰণ কৰিব পাৰে। দৰমহা ইত্যাদি প্ৰায় KVS ৰ নিচিনা একে।

Official website: https://navodaya.gov.in/nvs/en/Home1

3. DSSSB

Delhi Subordinate Services Selection Board. দিল্লী চৰকাৰৰ অধীনস্থ বিদ্যালয় সমূহৰ শিক্ষক বাচনি সংস্থা। ইয়াতো PRT, TGT আৰু PGT 3 প্ৰকাৰৰ শিক্ষক পদ থাকে আৰু PRT আৰু TGT ৰ বাবে ক্ৰমে PAPER 1 আৰু Paper 2 উত্তীৰ্ণ হোৱা হ’ব লাগিব।

Official website:https://dsssb.delhi.gov.in/home/Delhi-Subordinate-Services-Selection-Board

CTET উত্তীৰ্ণ হৈ অসমত চাকৰি নাপাব বুলি দুখ কৰি থকাৰ প্ৰয়োজন নাই। উপৰোক্ত পদ সমূহৰ বাবে প্ৰস্তুতি আৰম্ভ কৰক। KVS, NVS ৰ পদ সমূহত বেছিভাগ UP, BIHAR, HARAYANA আদি ৰাজ্যৰ শিক্ষক বাচনি হোৱা দেখা যায়, অসমৰ নূন্যতম। কাৰণ সজাগতাৰ অভাৱ। আজি এই পোষ্টৰ জৰিয়তে আপোনালোকৰ বাবে এটা ৰাস্তাৰ ঠিকনা আগবঢ়ালো। আশাকৰোঁ আপোনালোক উপকৃত হ’ব

Leave a Reply

Your email address will not be published. Required fields are marked *