Skip to content

SEBA Class-10 (HSLC) Geography Chapter-2 Important Questions With Answers

Class10 Elective Geography Chapter 2 পৰিৱেশ আৰু পাৰিৱেশিক ভূগোলৰ ধাৰণা

Common Questions with Answers for HSLC 2022 Geography(E) Chapter-3

Here you will find all the important questions & answers of Class10 Geography Chapter-3 which are very important for HSLC 2022

These questions will also help you in Class10 Social Science Part-2 i.e Geography Part.

These questions are also important for General Knowledge EVS.

1.পৰিৱেশ বুলিলে কি বুজা?

উত্তৰঃ আমাৰ কেউকাষে থকা জৈৱিক আৰু অজৈৱিক পদাৰ্থৰ সমষ্টিয়েই হৈছে পৰিৱেশ। অৰ্থাৎ , পৰিৱেশ শব্দটোৱে কোনো জীৱ বা জীৱ সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাকে বুজায়।

2. সেউজ গৃহ গেছ কি?

উত্তৰঃ বায়ুমণ্ডলত থকা বিশেষ কিছুমান গেছে ভূ-পৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰশক্তি শোষণ কৰিব পাৰে। এনে গেছবোৰৰ ভিতৰত কাৰ্বন-ডাই-অক্সাইড , মিথেন, নাইট্ৰাছ অক্সাইড, জলীয় বাষ্প আদিয়েই প্ৰধান। এই গেছবোৰে পৃথিৱীৰ পৰা প্ৰতিফলিত শক্তি শোষণ কৰি বায়ুমণ্ডলৰ উত্তাপ নিয়ন্ত্ৰণত সহায় কৰে কাৰণে এইবোৰ গেছক সেউজগৃহ গেছ বোলা হয়।

3. নিৰ্বননীকৰণ মানে কি?

উত্তৰঃ নিৰ্বননীকৰণ মানে হ’ল সেউজীয়া অৰণ্যাঞ্চলৰ ধ্বংসকৰণ বা হ্ৰাসকৰণ প্ৰক্ৰিয়া। অৰ্থাৎ, বননী ধ্বংসৰ কাৰ্যকে নিৰ্বননীকৰণ বোলা হয়।

4. পৰিৱেশ ভূগোল কাক বোলে?

উত্তৰঃ ভূগোলৰ যিটো শাখাই পৃথিৱীৰ স্বৰূপ পৰিৱৰ্তন আৰু সমস্যাৰ অধ্যয়নৰ লগতে সিবিলাকৰ সমাধানৰ উপায় উদ্ভাৱনৰ প্ৰয়াস কৰে তাকে পৰিৱেশ ভূগোল বোলে।

5. বায়ু প্ৰদূষণ বুলিলে কি বুজা?

উত্তৰঃ বায়ুমণ্ডলত যেতিয়া নিৰ্দিষ্ট অনুপাতত থকা গেছীয় পদাৰ্থসমূহৰ উপৰিও অন্য কিছুমান দূষিত পদাৰ্থ মিলিত হৈ বায়ুৰ স্বাভাৱিক ধৰ্মৰ পৰিৱৰ্তন ঘটায়, তেতিয়াই তাক বায়ু প্ৰদূষণ বুলি কোৱা হয়।

6. দুবিধ বায়ু প্ৰদূষণকাৰী পদাৰ্থৰ নাম লিখা।

উত্তৰঃ কাৰ্বনডাই অক্সাইড আৰু ছালফাৰডাই অক্সাইড।

7. পানী প্ৰদূষণ বুলিলে কি বুজা?

উত্তৰঃ দূষিত পদাৰ্থ মিহলি হোৱাৰ ফলত নিৰ্মল পানী ব্যৱহাৰৰ অনুপযোগী হোৱাকে পানী প্ৰদূষণ বোলে।

8. পৃথিৱীৰ সকলো অঞ্চলৰ পৰিৱেশ কিয় একে নহয়?

উত্তৰঃ পৰিৱেশৰ এক অতুলনীয় বৈশিষ্ট্য হৈছে যে পৃথিৱীৰ সকলো প্ৰান্তৰে পৰিৱেশ ভিন ভিন। উদাহৰণস্বৰূপে- বিষুৱীয় অঞ্চলৰ পাৰিৱেশিক অৱস্থা মেৰু অঞ্চলৰ পাৰিৱেশিক অৱস্থাতকৈ পৃথক। কিছুমান নিৰ্দিষ্ট কাৰক যেনে- অৱস্থিতি, ভূ-প্ৰকৃতি, জলাশয়ৰ পৰা দূৰত্ব, উচ্চতা, জলবায়ু আদিৰ বাবে পাৰিৱেশিক অৱস্থাৰ তাৰতম্য ঘটে। অঞ্চল বিশেষে কাৰকবোৰ ভিন্ন হোৱাৰ বাবে পৰিৱেশো ভিন্ন হয়।

9. এচিড বৰষুণ কেনেকৈ সৃষ্টি হয়? ই আমাৰ পৰিৱেশত কেনেধৰণৰ প্ৰভাৱ পেলায়?

উত্তৰঃ বৰষুণৰ টোপালৰ সৈতে ছালফাৰ ডাই-অক্সাইড আৰু নাইট্ৰ’জেন ডাই-অক্সাইডৰ মাজত হোৱা বিক্ৰিয়াৰ ফলত ছালফিউৰিক এছিড আৰু নাইট্ৰিক এচিড উৎপন্ন হৈ এছিড বৰষুণৰ সৃষ্টি হয়। অৰ্থাৎ, বায়ুমণ্ডলত মাত্ৰাধিক ছালফাৰ ডাই-অক্সাইড আৰু নাইট্ৰ’জেন ডাই-অক্সাইড সঞ্চিত হ’লে এচিড বৰষুণৰ সৃষ্টি হয়।

এচিড বৰষুণে আমাৰ পৰিৱেশত বিশেষভাৱে প্ৰভাৱ পেলায়। এনে বৰষুণে গছ-গছনি, শস্য পথাৰ, জীৱ-জন্তুৰ আদিৰ ক্ষতি কৰে। ইয়াৰ উপৰিও পানী প্ৰদূষণ কৰি জলজ প্ৰাণীবোৰৰো ক্ষতি কৰে।

10. গোলকীয় উত্তাপ বৃদ্ধি মানে কি?

উত্তৰঃ প্ৰকৃতি বা মানৱসৃষ্ট কাৰকবোৰৰ প্ৰভাৱত ভূ-পৃষ্ঠৰ উপৰিভাগত থকা জলবায়ুৰ উষ্ণতা দিনক দিনে বৃদ্ধি পাইছে। মানুহৰ প্ৰকৃতি বিৰোধী কাৰ্য বা কিছুমান প্ৰাকৃতিক কৰকৰ ফলত বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি ঘটা পৰিঘটনাটোক সামগ্ৰিকভাৱে গোলকীয় উত্তাপ বৃদ্ধি বোলে।

Hope these questions will help you. If you like these then please comment and share.

General Knowledge Questions of Environment.

11.জীৱীয় উপাদান বুলিলে কি বুজা? উদাহৰণ দিয়া।

উত্তৰঃ সাধাৰণতে জীৱনী শক্তি থকা উপাদানবোৰকে জীৱীয় উপাদান বোলে। যেনে- মানুহ, উদ্ভিদ, প্ৰাণী, অণুজীৱ আদি।

Leave a Reply

Your email address will not be published. Required fields are marked *