Skip to content

CLASS 10 GEOGRAPHY CHAPTER-1 IMPORTANT QUESTIONS & ANSWERS

Hi students! This post will help you to get CLASS 10 GEOGRAPHY CHAPTER-1 IMPORTANT QUESTIONS & ANSWERS. Please study the following questions with answers to get good marks in your examination.

Here I have discussed Class 10 Geography Chapter-1 question & answers for your easy preparation.

Here you will find all important questions with answers for HSLC examination.

1. ইনছেলবাৰ্গ কি?

উত্তৰঃ ইনছেলবাৰ্গ হৈছে মৰুভূমিত থকা অকলশৰীয়া চাপৰ পাহাৰ।

2. বাৰখান কি?

উত্তৰঃ মৰুভূমিত পৰিস্থিতি সাপেক্ষে অৰ্ধ চন্দ্ৰাকৃতিৰ বালিয়াৰি সৃষ্টি হয়। সেইবোৰকে বাৰখান বুলি কোৱা হয়।

3. হিমবাহ কি?

উত্তৰঃ মেৰু অঞ্চল বা হিমালয়, আল্পছ আদিৰ দৰে পৰ্বতৰ উচ্চাংশৰ পৰা ধিৰ গতিৰে নামি অহা বৰফকে হিমবাহ বোলে।

I have written another post regarding SEBA Class 10 Geography Important Question and Answers 2022. Please check that post too.

4. হিমবাহে সৃষ্টি কৰা ক্ষয়জনিত অবয়ৱসমূহ কি কি?

উত্তৰঃ U আকৃতিৰ গতিপথ, শংকু আৰু ওলমা উপত্যকা।

5. হিমবাহে সৃষ্টি কৰা অৱক্ষেপনজনিত অবয়ৱসমূহ কি কি?

উত্তৰঃ এস্কাৰ, ড্ৰামলিন, কেম আদি।

6. বিস্তৃত বানপানী কাক বোলে?

উত্তৰঃ কোনো কোনো সময়ত মৰুভূমিত অতি কম সময়ৰ ভিতৰতে তীব্ৰ বৰষুণ হয়। এনে বৰষুণে মৰুভূমিত হঠাতে বানপানীৰ সৃষ্টি কৰি ভূ-পৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰে। বহু ঠাই বিয়পি হঠাতে হোৱা এনে বানপানীক বিস্তৃত বানপানী বোলা হয়।

7. গ্ৰাব কি?

উত্তৰঃ উপত্যকাৰে হিমবাহ নামি অহা সময়ত ই বৰফৰ বাহিৰেও অন্য কিছুমান পদাৰ্থ কঢ়িয়াই লৈ আহে। সেইবোৰক গ্ৰাব বোলে।

8. ভূ-আকৃতিক বিজ্ঞান কাক বোলে?

উত্তৰঃ ভূগোলৰ যিটো শাখাই স্থলাকৃতিবোৰৰ উৎপত্তি, ক্ৰমবিকাশ, আকাৰ-আকৃতি আৰু বিতৰণ সম্বন্ধে অধ্যয়ন কৰে তাকেই ভূ-আকৃতিক বিজ্ঞান বোলে।

9. মৰুদ্যান কি?

উত্তৰঃ অবনমনৰ ফলত মৰুভূমিৰ একো একোটা অংশৰ উচ্চতা কমি ভূ-গৰ্ভস্থ জলপৃষ্ঠৰ ওচৰ পাব পাৰে। তেনে অবনমিত অংশটোকে মৰুদ্যান বোলে।

10. বতাহে কিয় মৰুভূমিত ধূলি-বালিবোৰ সহজে উৰুৱাই নিব পাৰে?

উত্তৰঃ মৰুভূমিত উদ্ভিদৰ আৱৰণ পাতলীয়া আৰু উপৰিভাগ শুকান বালিময় হোৱাৰ বাবে বতাহে সহজতে ধূলি-বালিবোৰ উৰুৱাই নিব পাৰে।

11. ওলোমা উপত্যকা কি?

উত্তৰঃ ওলোমা উপত্যকা হৈছে হিমবাহে সৃষ্টি কৰা ক্ষয়জনিত অবয়ৱ। মূল নদীলৈ উপনদী বৈ অহাৰ নিচিনাকৈ মূল হিমবাহলৈ ও কিছুমান উপহিমবাহ বৈ আহে। উপহিমবাহবোৰ যি স্থানত মূল হিমবাহৰ লগ লাগে তাত স্বাভাৱিক কাৰণত উপহিমবাহৰ উপত্যকাটো মূল হিমবাহৰ উপত্যকাৰ ওপৰত ওলমি থকাৰ নিচিনা দেখি। সেইবাবে উপহিমবাহৰ উপত্যকাটোক ওলোমা উপত্যকা বুলি কোৱা হয়।

12. গোলকীয় উত্তাপ বৃদ্ধিয়ে হিমবাহৰ ওপৰত কি ধৰণৰ প্ৰভাৱ পেলাব সাধাৰণ জ্ঞানৰ ভিত্তিত তাৰ এটি আভাস দিয়া।

উত্তৰঃ গোলকীয় উত্তাপ বৃদ্ধিয়ে বায়ুমণ্ডল আৰু সাগৰৰ উত্তাপ বৃদ্ধি কৰে। ইয়াৰ উপৰিও গোলকীয় উত্তাপ বৃদ্ধিয়ে হিমবাহবোৰক ব্যাপকভাৱে ক্ষতিগ্ৰস্ত কৰে। ই হিমবাহক অপ্ৰাকৃতিকভাৱে গলাব পাৰে আৰু ইয়াৰ ফলত মেৰুপ্ৰান্ত আৰু পাৰ্বত্য অঞ্চলৰ স্থলাকৃতিৰ যথেষ্ট পৰিৱৰ্তন আনে। সেই অঞ্চলবোৰত যদি বৰফ গলিবলৈ ধৰে, সাগৰীয় পানীৰ স্তৰ ওপৰলৈ উঠিব। ই বানপানীৰ সৃষ্টি কৰাৰ লগতে সাগৰীয় জীৱসমূহ ধ্বংসৰ গৰাহত ঠেলি দিব আৰু পাৰিপাৰ্শ্বিক ভাৰসাম্যতাৰ ক্ষতি সাধন কৰিব। হিমবাহবোৰ হৈছে সতেজ পানীৰ এক গুৰুত্বপূৰ্ণ উৎস। এইবোৰ যদি গলি যায়, তেন্তে পৃথিৱীৰ বহু জীৱৰ অস্তিত্ব বিপদাপন্ন হ’ব।

SEBA Class 10 Geography Chapter-1

Here all the important questions of this chapter have discussed.

If you like our notes please do comment and share to students.

We are sure you must be benefited by our notes. Keep visiting Solve Career and study with us. Thank you

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *