Skip to content

CLASS X social Science, Geography Part ,Chapter 2 Question answer

Hello dear students! This will help you to get easiest and standard CLASS 10 social science , geography part CHAPTER-2 important QUESTIONS & ANSWERS. please study the following questions and answers

Here you will find all important questions with answers for HSLC examination.

পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা

অনুশীলনী

১/ পৰিৱেশ বুলিলে কি বুজা নিজৰ ভাষাত লিখা।

উত্তৰ:পৰিৱেশ বুলিলে সাধাৰণতে কোনো জীৱ বা জীৱ সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাক বুজায় ।চাৰিওফালৰ অৱস্থাই জীৱ বৰ্তি থাকিবৰ বাবে আৱশ্যকীয় সকলো জৈৱ আৰু অজৈৱ উপাদানক সামৰি লয়।

২/পৰিৱেশৰ কেইটামান জৈৱ আৰু অজৈৱ উপাদানৰ কথা উল্লেখ কৰা।

উত্তৰ: পৰিৱেশ হৈছে কিছুমান জৈৱ আৰু অজৈৱ উপাদানৰ সমষ্টি।

পৰিৱেশৰ জৈৱ উপাদানবোৰ হ’ল–ক)বিভিন্ন প্ৰজাতিৰ উদ্ভিদ । খ) প্ৰাণীসমূহ আৰু গ) অণুজীৱবোৰ।

পৰিৱেশৰ অজৈৱ উপাদানবোৰ হ’ল-

ক) বায়ু।

খ)মাটি।

গ) পানী, ইত্যাদি

৩/স্থলমণ্ডল বুলিলে কি বুজা?

উত্তৰ: শিল,বালি, মাটি, মণিক আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগকে স্থলমণ্ডল বোলে। এই স্থলমণ্ডলে পৃথিৱীৰ মহাদেশ সাতখনক সামৰি লয়। স্থলমণ্ডলে ভূ-পৃষ্ঠৰ প্ৰায় 29 শতাংশ আগুৰি আছে।

৪/জলমণ্ডলৰ ভিতৰত কি কি পৰে?

উত্তৰ: জলমণ্ডলে ভূ-পৃষ্ঠৰ এক বৃহৎ অংশ অৰ্থাৎ 71 শতাংশ আগুৰি আছে। পৃথিৱীৰ সাগৰ, মহাসাগৰ,নদ-নদী, জান-জুৰি, হ্ৰদ,জলাশয়,বিল, খাল ইত্যাদিবোৰ জলমণ্ডলৰ ভিতৰত পৰে।

৫/বায়ুমণ্ডল কিহেৰে গঠিত লিখা।

উত্তৰ: পৃথিৱীৰ উপৰিভাগত বিয়পি থকা গেছীয় তৰপটোক বায়ুমণ্ডল বোলে। বায়ুমণ্ডল অক্সিজেন, নাইট্ৰজেন,হাইড্ৰজেন, কাৰ্বন-ডাই-অক্সাইড, আৰ্গন আদি গেছৰ দ্বাৰা গঠিত।

৬/জীৱমণ্ডলৰ বিস্তৃতি সম্বন্ধে লিখা।

উত্তৰ: জীৱমণ্ডলে পৃথিৱীৰ জীৱ ,অৰ্থাৎ উদ্ভিদ আৰু প্ৰাণী থকা অংশবোৰক সামৰি লয়।পৃথিৱীৰ জীৱ থকা অংশবোৰ হৈছে-স্থলপৃষ্ঠ,সাগৰ-মহাসাগৰ আৰু বায়ুমণ্ডলৰ চৰাই-চিৰিকটি আৰু কীট-পতংগ উৰি ফুৰা অংশ।

৭/পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটাৰ মাজৰ সম্বন্ধৰ বিষয়ে লিখা।

উত্তৰ: পৃথিৱীৰ প্ৰধান মণ্ডল চাৰিটা হৈছে –

ক)স্থলমণ্ডল।

খ) জলমণ্ডল।

গ)জীৱমণ্ডল ,আৰু

ঘ)বায়ুমণ্ডল।

এই চাৰিওটা মণ্ডল পাৰস্পৰিক সম্পৰ্কৰ যোগেদি যুক্ত হৈ আছে।এই চাৰিটা মণ্ডলৰ পাৰস্পৰিক ক্ৰিয়াৰ যোগেদিয়েই এক সম্পূৰ্ণ পৰিৱেশ সৃষ্টি হয়।প্ৰখ্যাত ভূগোল বিজ্ঞানী পিটাৰ হেগেটৰ মতে,”স্থল,জল,জীৱ আৰু বায়ুৰ পাৰস্পৰিক সম্পৰ্কৰ পৰিণতিয়েই পৰিৱেশ।”

স্থলমণ্ডলৰ গুণাগুণ আৰু পৰিৱৰ্তন পৃথিৱীৰ পৰিৱেশ তন্ত্ৰৰ আন তিনিটা মণ্ডলৰ (জীৱ, জল আৰু বায়ুমণ্ডল) ওপৰত নিৰ্ভৰশীল।

ঠিক সেইদৰে জলমণ্ডলৰ স্থিতি আৰু পৰিৱৰ্তন স্থলমণ্ডল, বায়ুমণ্ডল আৰু জীৱ মণ্ডলৰ ওপৰত নিৰ্ভৰ কৰে।

একেদৰে বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ অৱস্থিতি আৰু পৰিৱৰ্তনো বাকী মণ্ডলবোৰৰ ওপৰত বাৰুকৈয়ে নিৰ্ভৰ কৰে।

ইতিমধ্যে উল্লেখ কৰা হৈছে যে, পৃথিৱীৰ পৰিৱেশৰ এই চাৰিটা মণ্ডল পৰস্পৰ নিৰ্ভৰশীল । ইহঁতৰ মাজত চলি থকা আন্তঃক্ৰিয়াই পৃথিৱীৰ পৰিৱেশ গঢ়ি তুলিছে।মণ্ডল কেইটাৰ অন্তৰ্গত অগণন উপাদানে পাৰস্পৰিক ক্ৰিয়াৰ এক জটিল জালিৰ যোগেদি বৰ্তমানৰ পৰিৱেশ নিৰূপণ কৰিছে।

৮/ পৰিৱেশ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ উল্লেখ কৰা।

উত্তৰ: পৰিৱেশ পৰিৱৰ্তনৰ কাৰণে বিভিন্ন কাৰক দায়ী। তাৰে ভিতৰত উল্লেখযোগ্য কেইটামান কাৰক হ’ল—-

ক)জনসংখ্যা বৃদ্ধি।

খ)উদ্যোগীকৰণ।

গ)নগৰীকৰণ।

ঘ) যাতায়ত-পৰিবহণৰ পৰিবৰ্ধন ,ইত্যাদি।

৯/পৰিৱেশৰ সমস্যা মানে কি ব্যাখ্যা কৰা।

উত্তৰ: পৰিৱেশৰ বিভিন্ন উপাদান সমূহৰ ধৰ্ম আৰু সেইবিলাকৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক আৰু ভাৰসাম্য বিনষ্ট হোৱাকে পৰিৱেশৰ সমস্যা বোলা হয়।

পৰিৱেশৰ সমস্যা কিছুমান হ’ল- আগ্নেয়গিৰি উদ্গীৰণ, ভূমিকম্প, খৰাং ইত্যাদি।

ভূমিকম্প , বানপানী আদিৰ দৰে পৰিৱেশিক সমস্যাই মানুহৰ স্বাভাৱিক জীৱন ধাৰণ অস্বাভাৱিক কৰি তোলে।

১০/ভৌগলিক দিশৰ পৰা পৰিৱেশিক সমস্যাক কি কি ভাগত ভাগ কৰিব পাৰি লিখা

উত্তৰ:ভৌগলিক দিশৰ পৰা পৰিৱেশিক সমস্যাক তিনিটা ভাগত ভাগ কৰিব পাৰি–

ক)স্থানীয় সমস্যা।

খ)আঞ্চলিক সমস্যা আৰু

গ)গোলকীয় সমস্যা।

১১/পৰিৱেশৰ স্থানীয় সমস্যা কি? উদাহৰণ দি লিখা।

উত্তৰ: উৎপত্তি আৰু বিস্তৃতিৰ ফালৰপৰা যি বিলাক পৰিৱেশিক সমস্যা একো-একোটা সৰু সৰু এলেকাত সীমাবদ্ধ হৈ থাকে, তেনে পৰিৱেশিক সমস্যাক স্থানীয় পৰিৱেশিক সমস্যা বোলে।

যেনে: এটা ক্ষুদ্ৰ উদ্যোগে কৰা ভূমি প্ৰদূষণ।

১২/ পৰিৱেশৰ আঞ্চলিক সমস্যাৰ দুটা উদাহৰণ দিয়া।

উত্তৰ: পৰিৱেশৰ আঞ্চলিক সমস্যাৰ দুটা উদাহৰণ হ’ল— ক) অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ বানপানীৰ সমস্যা। খ) বিশাল উদ্যোগিক অঞ্চলৰ পানী প্ৰদূষণৰ সমস্যা।

১৩/কোনবোৰ সমস্যাক গোলকীয় পৰিৱেশ সমস্যা বুলি কোৱা হয় লিখা।

উত্তৰ: যিবোৰ পৰিৱেশিক সমস্যাই সমগ্র পৃথিৱীকেই সামৰি লয়। অৰ্থাৎ সমগ্র পৃথিৱীতে সমস্যাৰ সৃষ্টি কৰে তেনেবোৰ সমস্যাক গোলকীয় পৰিৱেশ সমস্যা বোলা হয়। যেনে- গোলকীয় উত্তাপ বৃদ্ধিৰ সমস্যা।

১৪/ পৰিৱেশৰ প্ৰধান সমস্যাসমূহ উল্লেখ কৰা।

উত্তৰ: পৰিৱেশৰ প্ৰধান সমস্যা সমূহ হ’ল– ক) প্ৰদূষণ। খ) মৰুকৰণ। গ)ভূমিস্খলন। ঘ) ভূমিক্ষয়। ঙ)গোলকীয় উত্তাপ বৃদ্ধি। চ) সাগৰপৃষ্ঠৰ উত্থান , আদি।

১৫/প্ৰদূষণৰ অৰ্থ লিখা।

উত্তৰ:কোনো অনিষ্টকাৰী দ্ৰৱ্যই পৰিৱেশ বিনষ্ট কৰা প্ৰক্ৰিয়াক প্ৰদূষণ বোলা হয়।

১৬/পানী প্ৰদূষণ কি আৰু কেনেকৈ হয় লিখা।

উত্তৰ:পানীৰ লগত কোনো ৰাসায়নিক পদাৰ্থ,অণুজীৱ, বিকিৰণ আদি মিহলি হৈ পানীৰ স্বাভাৱিক গুণাগুণৰ পৰিৱৰ্তন ঘটা প্ৰক্ৰিয়াক পানী প্ৰদূষণ বোলে।

সাধাৰণতে পানীৰ উৎসত মানুহৰ বসতি,উদ্যোগ,কৃষি আদি থাকিলে তাৰ পৰা নিৰ্গত অপদ্ৰৱ্য পানীত মিহলি হ’লে পানী প্ৰদূষিত হয়।

বৃহৎ উদ্যোগিক অঞ্চলৰ আশে-পাশে থকা জলাশয়ৰ পানীভাগত এচিডৰ পৰিমাণ বৃদ্ধি পালেও পানী প্ৰদূষিত হয়।বায়ুমণ্ডলত জমা হোৱা ছালফাৰ ডাই-অক্সাইড আৰু নাইট্ৰজেন অক্সাইড এচিড বৰষুণৰূপে নামি আহি জলাশয়ৰ পানী প্ৰদূষিত কৰে।

১৭/মাটি প্ৰদূষণৰ বিষয়ে এটি টোকা লিখা।

উত্তৰ: সাধাৰণতে মাটিৰ লগত কোনো ৰাসায়নিক পদাৰ্থ,বিষাক্ত ধাতু,উদ্যোগিক আৱৰ্জনা ,তেজষ্ক্ৰিয় পদাৰ্থ,এচিড বৰষুণ আদি মিহলি হ’লে মাটিৰ স্বাভাৱিক গুণাগুণ নষ্ট হয় আৰু উৰ্বৰতা হ্ৰাস পায়। এনে অৱস্থাক মাটি প্ৰদূষণ বোলে ।

সাধাৰণতে আধুনিক কৃষিকার্য,উদ্যোগৰ প্ৰসাৰ আৰু ক্ৰমবৰ্ধিত হাৰত চলি থকা বননি ধ্বংসই মাটি প্ৰদূষণৰ বাবে জগৰীয়া।মাটিত কীটনাশক দৰৱ প্ৰয়োগ কৰিলেও ভূমিৰ গুণাগুণৰ পৰিৱৰ্তন ঘটে। তদুপৰি উদ্যোগিক আৱৰ্জনা ,প্লাষ্টিক, কাঁচ, আৰু ৰাসায়নিক পদাৰ্থও মাটিত মিহলি হৈ মাটি প্ৰদূষিত কৰে।ভূ গৰ্ভৰ পৰা কয়লা, খাৰুৱা তেল আদি উত্তোলন কৰোঁতেও সেইবোৰৰ কিছু অংশ কেতিয়াবা ওচৰৰ মাটিত মিহলি হৈ মাটি প্ৰদূষিত কৰে।

***** বাকী থকা প্ৰশ্নসমূহ পৰৱৰ্তী পোষ্টত দিয়া হ’ব।

Class ten social science questions answer

Class ten social important question

H.S.L.C social questions answers.

Seba model question.

Social science geography chapter 2

পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা

Leave a Reply

Your email address will not be published. Required fields are marked *