Skip to content

Geography, Chapter-3 Common Question with Answers for HSLC 2022

Here I have discussed most important questions with answers which has been coming for last some years. If you read these questions, you will have an overview of the whole chapter that will help you to solve any question from this chapter. You will get short and long both type questions with answers. So read till the end and don’t forget to comment and share.

1. আৰ্জেণ্টিনাৰ তৃণভূমিটোৰ নাম কি?

উত্তৰঃ পম্পাচ ।

2. কেন্দ্ৰভিত্তিক অঞ্চলৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ গুৱাহাটী মহানগৰ।

3. মৌচুমী অঞ্চলৰ তিনিখন দেশৰ নাম লিখা।

উত্তৰঃ ১) ভাৰতবৰ্ষ আৰু ২)দক্ষিণ এছিয়া আৰু ৩)মধ্য আমেৰিকা।

4. সমধৰ্মী অঞ্চলৰ অৰ্থ লিখা।

উত্তৰঃ ভৌগোলিক উপাদানৰ সাদৃশ্যৰ ভিত্তিত চিনাক্ত কৰা পৃথিৱীৰ উপৰিভাগৰ একোটা অংশক সমধৰ্মী অঞ্চল বোলা হয়। অৰ্থাৎ, সমধৰ্মী অঞ্চলত উপাদানবোৰৰ মাজত স্পষ্ট সাদৃশ্য দেখা যায়। উদাহৰণস্বৰূপে – বহ্মপুত্ৰ উপত্যকা অঞ্চল, হিন্দীভাষী অঞ্চল আদি।

5. দক্ষিণ আমেৰিকা মহাদেশৰ কেইখনমান দেশৰ নাম লিখা।

উত্তৰঃ কলম্বিয়া, ব্ৰাজিল, ভেনেজুৱেলা, আৰ্জেণ্টিনা আদি।

6. অঞ্চল বুলিলে কি বুজা?

উত্তৰঃ প্ৰাকৃতিক বা সামাজিক যিকোনো বৈশিষ্ট্যৰ ভিত্তিত চিহ্নিত একোটি বিস্তৃত এলেকাই হ’ল অঞ্চল। অৰ্থাৎ, অঞ্চল শব্দটোৱে ভূ-পৃষ্ঠৰ এনে অংশক সূচায় যাৰ প্ৰাকৃতিক বা মানৱসৃষ্ট বৈশিষ্ট্যই ইয়াক চৌপাশৰ অঞ্চলতকৈ ভিন্ন কৰে।

7. ছেলভা কি?

উত্তৰঃ ছেলভা হৈছে আমাজান আৰু কংগো অৱবাহিকাৰ বিস্তীৰ্ণ ডাঠ অৰণ্যৰে ভৰা এক অঞ্চল।

8. কালাহাৰী মৰুভূমিৰ অঘৰী লোকসকলক কি বুলি জনা যায়?

উত্তৰঃ বুছমেন।

9. তুন্দ্ৰা অঞ্চলৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ তুন্দ্ৰা অঞ্চলৰ দুটা বৈশিষ্ট্য হ’ল- ১) অতি শীতল জলবায়ু, যাৰ ফলত সেই অঞ্চলত জীৱিকা নিৰ্বাহ অতি কষ্টকৰ। ২) গ্ৰীষ্মকাল চুটি আৰু শীতকাল দীঘলীয়া।

10. আফ্ৰিকা মহাদেশৰ দুখন মৰুভূমিৰ নাম লিখা।

উত্তৰঃ কালাহাৰী মৰুভূমি আৰু চাহাৰা মৰুভূমি।

11. ছাভানা এক প্ৰকাৰৰ কি?

উত্তৰঃ ঘাঁহনি।

12. টাইগা অৰণ্য কোনটো প্ৰাকৃতিক অঞ্চলত অৱস্থিত?

উত্তৰঃ শীতল সৰলবৰ্গীয় অৰণ্য অঞ্চল।

13. এছিয়া মহাদেশৰ কেইটামান পৰ্বতৰ নাম লিখা।

উত্তৰঃ হিমালয় পৰ্বত , আৰাৱলী পৰ্বত, ইউৰাল পৰ্বত, কাৰাকোৰাম পৰ্বত আদি।

14. আফ্ৰিকাৰ দুখন নদীৰ নাম লিখা।

উত্তৰঃ নীল নদী আৰু চেনেগাল নদী।

15. মেৰু অঞ্চলৰ দুবিধ জন্তুৰ নাম লিখা।

উত্তৰঃ বল্গা হৰিণ আৰু বগা ভালুক।

16. নিৰক্ষীয় অঞ্চলৰ দুখন দেশৰ নাম লিখা।

উত্তৰঃ আফ্ৰিকা আৰু ইণ্ডোনেছিয়া।

17. পিগ্‌মি সকলে কেনেদৰে জীৱন নিৰ্বহ কৰে?

উত্তৰঃ পিগ্‌মিসকলে চিকাৰ কৰি, মাছ ধৰি আৰু অৰণ্যৰ পৰা খাদ্য আহৰণ কৰি জীৱন নিৰ্বাহ কৰে।

18. পৃথিৱীৰ তিনিটা ঘাঁহনি অঞ্চলৰ নাম লিখা।

উত্তৰঃ ছাভানা ঘাঁহনি অঞ্চল, পম্পাচ ঘাঁহনি অঞ্চল আৰু কেম্পোছ ।

19. পৃথিৱীৰ শতকৰা ৪০ ভাগ মানুহ কিয় মৌচুমী অঞ্চলত বাস কৰে?

উত্তৰঃ জলবায়ু, ভূমি, ভূ-প্ৰকৃতি, অৱস্থিতি, সাগৰৰ পৰা দূৰত্ব আাদিৰ ভিন্নতাৰ বাবে বিভিন্ন প্ৰাকৃতিক অঞ্চলত বাস কৰা লোকৰ জীৱন-ধাৰণ প্ৰণালী একে নহয়। পৃথিৱীৰ বিভিন্ন প্ৰাকৃতিক অঞ্চলসমূহৰ ভিতৰত মৌচুমী অঞ্চলটো হৈছে এক ঘন জনবসতিপূৰ্ণ অঞ্চল। এই অঞ্চলৰ লোকৰ মুখ্য জীৱিকা হৈছে কৃষি। এই অঞ্চলৰ মৃত্তিকা ধান, মৰাপাট, চাহপাত, তৈলবীজ, কপাহ, কুঁহিয়াৰ, ঘেহু আদি শষ্য উৎপাদনৰ বাবে বহুত উপযোগী। ইয়াৰোপৰি এই অঞ্চলৰ বহুতো দেশ প্ৰাকৃতিক সম্পদেৰে সমৃদ্ধ, যিয়ে অঞ্চলটোৰ অৰ্থনৈতিক বিকিশত অৰিহণা যোগায়। এনেবোৰ দিশৰ বাবেই এই অঞ্চলত পৃথিৱীৰ প্ৰায় ৪০% লোকে বাস কৰে।

20. ভূমধ্য সাগৰীয় অঞ্চলৰ তিনিটা প্ৰধান বৈশিষ্ট্য লিখা।

উত্তৰঃ ভূমধ্য সাগৰীয় অঞ্চলৰ তিনিটা প্ৰধান বৈশিষ্ট্য হ’ল- ১) গ্ৰীষ্মকাল উষ্ণ আৰু শুকান, আৰু শীতকাল ঠাণ্ডা আৰু সেমেকা। ২) শীতকালত বৰষুণ হয়। ৩) সমগ্ৰ বছৰটোৰ গড় উষ্ণতা ৮°- ২৫° চেলছিয়াছ।

21. নিৰক্ষীয় অঞ্চলৰ তিনিটা বৈশিষ্ট্য লিখা।

উত্তৰঃ নিৰক্ষীয় অঞ্চলৰ তিনিটা বৈশিষ্ট্য হ’ল- ১) এই অঞ্চলৰ জলবায়ু উষ্ণ আৰু আৰ্দ্ৰ। ২) এই অঞ্চলত সূযৰ ৰশ্মি লম্বভাৱে পৰে বাবে দিন-ৰাতি আৰু গ্ৰীষ্ম আৰু শীতকালৰ উত্তাপৰ তাৰতম্য তেনেই কম। ৩) এই অঞ্চলত বছৰি গড় উত্তাপৰ পৰিমাণ ২৭° চেলছিয়াছ।

22. প্ৰাকৃতিক অঞ্চল কাক বোলে?

উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ যিবোৰ অংশৰ ভূ-অবয়ৱ, জলবায়ু, প্ৰাকৃতিক উদ্ভিদ আৰু মাটিৰ গুণাগুণ প্ৰায় একেধৰণৰ, সেইবোৰক একেলগে প্ৰাকৃতিক অঞ্চল বোলা হয়।

23. ভূগোল বিষয়ৰ শাখা হিচাপে আঞ্চলিক ভূগোলৰ গুৰুত্ব আলোচনা কৰা।

উত্তৰঃ ভূগোল বিষয়টোৰ এটা গুৰুত্বপূৰ্ণ শাখা হৈছে আঞ্চলিক ভূগোল। ভূগোলত আঞ্চলিক ভূগোলৰ অধ্যয়নৰ বিশেষ তাৎপৰ্য আছে। ইয়াৰ কাৰণসমূহ হ’ল- ১) কিছুমান অঞ্চলৰ প্ৰধান সমস্যাসমূহ বা সেই অঞ্চলবোৰ কিয় পিছপৰি আছে সেই বিষয়ে বুজাত আঞ্চলিক ভূগোলে সহায় কৰে। ২) আঞ্চলিক ভূগোলৰ অধ্যয়নে দেশ এখনৰ অন্তৰ্ভূক্ত বিভিন্ন অঞ্চলৰ বাবে উপযুক্ত বিকাশমূলক পৰিকল্পনা গ্ৰহণ কৰাত সহায় কৰে। ৩) আঞ্চলিক ভূগোলে আমাক সংশ্লিষ্ট অঞ্চল আৰু তাৰ প্ৰতিৱেশী অঞ্চলৰ মাজৰ ভৌগোলিক সম্পৰ্কৰ প্ৰকৃতি বুজাত সহায় কৰে। ৪) আঞ্চলিক ভূগোলৰ যোগেদি কোনো স্থানৰ প্ৰাকৃতিক পৰিৱেশ, অৰ্থনৈতিক পৰিস্থিতি, মানৱ বসতি, পৰিবহন আৰু যোগাযোগৰ বিকাশৰ স্থিতি আদিৰ বিষয়ে জানিব পাৰি।

24. উত্তৰ আমেৰিকা মহাদেশৰ তিনিটা প্ৰধান হ্ৰদৰ নাম লিখা।

উত্তৰঃ উত্তৰ আমেৰিকা মহাদেশৰ তিনিটা প্ৰধান হ্ৰদৰ নাম হ’ল- ১)চুপেৰিওৰ ২) গ্ৰেট বিয়াৰ আৰু ৩) গ্ৰেট শ্লেভ।

25. কেম্পোছ তৃণভূমি থকা দেশখন কি?

উত্তৰঃ ব্ৰাজিল।

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *